Tuesday, September 23, 2014

‘মন্দ্রাগন সমবায় নিগম’: বিকাশৰ বৈকল্পিক মডেল?

ময়ূৰ চেতিয়া
                                               (১)
স্পেইন দেশৰ এটি অনগ্রসৰ অঞ্চলঃ  বস্ক প্রদেশ ৰাজনৈতিক আৰু আর্থিক দৃষ্টিৰে ঠিক যেন আমাৰ অসমৰ দৰেই১৯৪৩ চনঃ স্পেইনত তেতিয়া মিলিটেৰী শাসক ফ্রাংকোৰ দপদপনি চলি আছে। আনফালে স্পেইনৰ পৰা স্বাধীনতা বিচাৰি বস্ক অঞ্চলৰ “বিচ্ছিন্নতাবাদী”সকলেও সশস্ত্র জাতীয়-মুক্তি সংগ্রামৰ প্রস্তুতি চলাইছে। এনে এক সময়তে  খ্রীষ্টান পাদুৰী ড’ন জ’ছ মাৰিয়া আৰিজমেন্দিয়াৰিয়েটা  বস্ক  প্রদেশৰ মন্দ্রাগন চহৰলৈ আহিল। চহৰখনৰ অনগ্রসৰতাই পাদুৰীজনক দকৈ চুই গল। তেওঁ দেখিলে যে চহৰৰ এজনো শ্রমিক সন্তানে উচ্চ শিক্ষা লাভ কৰিব পৰা নাই। সেয়েহে এই উদ্দেশ্যেৰে তেওঁ এখন বিদ্যালয় স্থাপন কৰিলে। পিছে ড’ন জোছ তাতেই ক্ষান্ত নাথাকিল। সাধাৰণ শিক্ষাৰ লগতে তেওঁ বিদ্যালয়খনত কাৰিকৰী শিক্ষাও প্রদান কৰা আৰম্ভ কৰিলে। বিদ্যালয়ৰ প্রথম বেটছৰ ২০ জন ছাত্রৰ ভিতৰত ১১ জনেই এসময়ত পেছাদাৰী ইঞ্জিনিয়াৰ হলগৈ। ১৯৫৬ চনত পাদুৰী চাহাবৰ অনুৰোধক্রমে ইয়াৰে ৫ জন  ইঞ্জিনিয়াৰ আৰু আন ১৮ জন শ্রমিকে মিলি কেৰাছিন-কুকাৰ আৰু ষ্টভ নির্মাণ কৰা এটা সৰু সমবায় ফেক্টৰী স্থাপন কৰিলে।  ১৯৫৮ চনত মেছিন সামগ্রী নির্মাণ কৰা দ্বিতীয়টো সমবায় ফেক্টৰী স্থাপন কৰা হল। ১৯৫৯ চনত পুণৰ ড’ন জ’ছৰ উদ্যোগতেই এটা সমবায় বেংক স্থাপন কৰা হল।  ই এক নির্ণায়ক সিদ্ধান্ত আছিলঃ বেংকটোৱে ক্রমান্বয়ে আন আন সমবায় নির্মাণ কৰিবলৈ প্রয়োজনীয় মূলধন আৰু  কাৰিকৰী বিশেষজ্ঞতা প্রদান কৰিবলৈ ধৰিলে।


ইতিমধ্যেই অস্তিত্বমান সমবায়সমূহকো নিজৰ কার্যক্ষেত্র বৃদ্ধি কৰিবলৈ বেংকটোৱে বিভিন্ন ধৰণৰ সাহার্য  প্রদান কৰিলে। ই আনকি এটা ‘উদ্যোগী ডিভিজন (entrepreneurial division)’য়েই  সৃষ্টি  কৰি ললে যি নতুন উৎপাদন তথা সম্ভাব্য বজাৰ সম্পর্কে গৱেষণা কৰিব আৰু সিবিলাকৰ বাবে নতুন সমবায় স্থাপন কৰাত বিশেষ ভূমিকা লব

এই মন্দ্রাগন সমবায় আন্দোলন কেল মন্দ্রাগন চহৰখনতেই আদ্ধ হৈ নাথাকিল। উদ্যোগৰ লগতেএইবাৰ আনুষঙ্গিক আন আন অনুষ্ঠানো সৃষ্টি কৰি লোৱা হলঃ এখন কাৰিকৰী বিশ্ববিদ্যালয়, কেইবাটাও গৱেষণা কেন্দ্র, সামাজিক সুৰক্ষাৰ বাবে এটি বিশেষ অনুষ্ঠান আৰু সিবিলাকৰ লগতে অসংখ্য  উপভোক্তা আউটলেট(দোকান)ৰ এটি বিশাল নেটর্ক। আজি মন্দ্রাগন সমবায় নিগমৰ অধীনত এশটাতকৈও অধিক উদ্যোগ আছে। কেল ঔদ্যোগিক সমবায়ৰ সংখ্যাই হৈছে আশীতকৈও অধিক। সিবিলাকে বিভিন্ন সামগ্রী যেনে ঘৰুৱা সজুঁলি, কৃষিৰ যন্ত্রপাতি, অট’মবাইল সামগ্রী, মেছিন সামগ্রী, ঔদ্যোগিক ৰবট, জেনেৰেটৰ, থার্মপ্লাষ্টিক,  কার্যালয়ৰ সামগ্রী, চিকিৎসা সজুঁলি আদি অজস্র পণ্য উৎপাদন কৰে। ১৯৯১ চনত (পাদুৰী চাহাবৰ মৃত্যুৰ ১৫ বছৰ পাছত) এই সমস্ত সমবায়সমূহ একেলগ কৰি মন্দ্রাগণ সমবায় নিগম  (Mondragon Corporacion Cooperativa  বা চমুকৈ MCC)  গঠন কৰা হল।

উৎপাদন তথা নির্মাণ খণ্ডৰ অজস্র সমবায়ৰ উপৰি  আজি MCCৰ অধীনত থকা কেতবোৰ অনুষ্ঠান হৈছে এনেধৰণৰঃ  এটা বেংক(কাজা লেবৰাল), দুটা গৱেষণা কেন্দ্র (ইকাৰলান আৰু ইডেক’), এটি সামাজিক সুৰক্ষা সেৱা অনুষ্ঠান (লাগুণ আৰ’), ৰিটেইল দোকানৰ এটা বিশাল নেটর্ক(ইৰস্কি) তথা কেইবাখনো শিক্ষা অনুষ্ঠান (ইউনিভার্চিটি অ মন্দ্রাগন, ইস্কুলা পলিটেকনিকা, ইটিএঅ’ আদি)

মন্দ্রাগনৰ শ্লোগানঃ Humanity at Work!
আজি MCC সমস্ত বস্ক অঞ্চলৰে প্রভুত্বশালী আর্থিক শক্তি হিচাপে পৰিগণিত হৈছে। আনকি স্পেইনৰ বজাৰখনতো ই এক মূল শক্তি হিচাপে চিহ্নিত হৈছে। ৰেফ্রিজাৰেটৰ, ৱাছিং মেছিন, ডিছ ৱাছাৰ আদি নির্মাণৰ খণ্ডসমূহত MCC কিছুদিন পূর্বলৈকে শীর্ষস্থানত আছিল। চীন, উত্তৰ আফ্রিকা, মধ্য প্রাচ্য তথা লেটিন আমেৰিকাৰ বহুতো দেশত MCCয়ে উদ্যোগ স্থাপন কৰিছে। ইৰস্কি  গ্রুপ আজি স্পেইনৰ তৃতীয় বৃহৎ ৰিটেইল ফুড চেইন। লাভাংশ/সম্পত্তিৰ অনুপাতৰ দিশৰ পৰা কাজা লেবৰাল আজি সবাটোকৈ কার্যক্ষম  ১০০টা বিত্তীয় অনুষ্ঠানৰ ভিতৰত এটা। নাছাই নির্দিষ্ট কৰি দিয়া টেকনিকেল specification সমস্ত স্পেইনৰ ভিতৰত কেইকাৰলানৱেষণা কেন্দ্রই পূর্ণ কৰিবলৈ সক্ষম হৈছে আৰু সেইমর্মেই ই ১৯৯৩ চনত নাছাৰ এটা মহাকাশযান সম্পর্কীয় প্রজেক্ট লাভ কৰিছে। ইস্কুলা পলিটেকনিকা আজি সমস্ত স্পেইনৰ সর্বোত্তম টেকনিকেল অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। আজি MCC অধীনত মুঠ প্রায় ৭৪ হাজাৰ শ্রমিক কর্মৰত হৈ আছে আৰু ইয়াৰ বার্ষিক বিক্রয় তথা সম্পত্তিৰ পৰিমাণ হৈছে ক্রমে ৬.৬ বিলিয়ন ডলাৰ তথা ১৩ বিলিয়ন ডলাৰ

                                   (২)
মন্দ্রাগন সমবায়ৰ কার্যপদ্ধতি আৰু দর্শন

এই সমস্ত কার্য কোনো পুঁজিপতি বা উদ্যোগপতিৰ ভূমিকা অবিহনেই সম্ভৰ হৈছে। অথচ মন্দ্রাগন সমবায়ৰ আকাৰ তথা কার্যকুশলতা আন কোনো পুঁজিপতি নিয়ন্ত্রিত কর্পৰেছনতকৈ কোনো গুণেই কম নহয়। MCC সম্পূর্ণভাৱে শ্রমিক নিয়ন্ত্রিত; শ্রমিকসকলেই হৈছে ইয়াৰ সমূহীয়া মালিক।

প্রতিবছৰে MCCৰ অধীনত থকা প্রতিখন সমবায়ত সাধাৰণ সভা (general assembly) অনুষ্ঠিত কৰা হয় যত সমবায়ৰ সকলো শ্রমিকেই অংশগ্রহণ কৰেএই সাধাৰণ সভাতেই সমবায়খনৰ বর্ড অ ডাইৰেক্টৰ নির্বাচিত হয় যি সমবায়ৰ মেনেজমেণ্ট নিযুক্ত কৰে আৰু MCCৰ কংগ্রেছলৈ প্রতিনিধি চয়ন কৰে [অর্থাৎ সাধাৰণতে মেনেজমেণ্টে শ্রমিক নিযুক্ত কৰাৰ বিপৰীতে শ্রমিকেহে মেনেজমেণ্ট নিযুক্ত কৰে!!]এনেদৰে প্রতিখন সমবায়ৰ পৰা প্রতিনিধি চয়ন হোৱাৰ পাছত MCCৰ কংগ্রেছ অনুষ্ঠিত হয় যত  প্রায় ৩৫০ জন মান প্রতিনিধিয়ে অংশগ্রহণ কৰে এই কংগ্রেছতেই অনাগত বছৰটোৰ বাবে আঁচনি(plan) গঠন  কৰা হয়। সকলো সমবায়েই এই আঁচনি অনুসৰি কাম কৰি যাবলৈ প্রতিজ্ঞাবদ্ধযিকোনো সমবায়েই ইচ্ছা কৰিলে MCCৰ সদস্যপদ ত্যাগ কৰিব পাৰে; কিন্তু আজিলৈকে কোনো সমবায়েই সদস্যপদ ত্যাগ কৰা নাই।

পুঁজিপতি নিয়ন্ত্রিত কর্পৰেছনসমূহৰ বিপৰীতে MCCৰ অধীনত থকা কোম্পানীসমূহে অশ্যে কেতবোৰ বিশেষ নিয়ম পালন কৰিব লাগে। যেনে – কিছুদূৰৈলৈ বেতন কম-বেছি হব পাৰে যদিও সিবিলাকৰ উচ্চ-তথা নিম্নসীমা নির্ধাৰণ কৰি থোৱা হৈছে। পুঁজিপতি নিয়ন্ত্রিত কর্পৰেছন একোটাত CEO এজনৰ দৰমহা সাধাৰণ কর্মচাৰী এজনতকৈ ৪০০ গুণ অধিক হব পাৰেকিন্তু MCCৰ অধীনৰ সমবায়সমূহত ৬ গুণতকৈ দৰমহা কোনেও লাভ কৰিব নোৱাৰে।  তদুপৰি লাভাংশৰ কিমান শতাংশ বিনিয়োগৰ বাবে প্রয়োগ কৰা হব তথা কিমান অংশ ওচৰ-চুবুৰীয়া ৰাইজ বা অঞ্চলটোৰ উন্নয়ণৰ বাবে চান কাঢ়ি ৰখা হব – আদি দিশসমূহো MCC কংগ্রেছে বহুদূৰৈলৈ নির্ধাৰণ কৰি দিয়ে।

আলোচনাত মগ্ন মন্দ্রাগণ শ্রমিক
আন আন কর্পৰেছনৰ বিপৰীতে, MCCৰ কেতবোৰ সামাজিক লক্ষ্য আছে। MCCৰ প্রতিষ্ঠাতা ড’ন জ’ছ মাৰিয়া খ্রীষ্টান পাদুৰী হলেও আধুনিক সমাজবাদী চিন্তা-চর্চাৰ দ্বাৰা তেওঁ গভীৰভাৱে প্রভাৱাম্বিত হৈছিল। অশ্যে চোভিয়েট ইউনিয়নৰ দৰে দমনমূলক ব্যস্থাসমূহ তেওঁ পচন্দ কৰা নাছিল। জছ মাৰিয়াৰ মতে, শ্রমিক সমবায় একোখনৰ উদ্দেশ্য কেল নিজৰ সমবায়খনৰ সমস্যসকলৰ কল্যাণ সাধনেই হব নোৱাৰেৰঞ্চ সমাজৰ আন আন সদস্য প্রতিও সমবায়খন কিছু কর্তব্য আছে। সেয়েহে লাভাংশ আর্জনকেই মূল লক্ষ্য হিচাপে গ্রহণ কৰাৰ বিপৰীতে MCCৰ মূল লক্ষ্য হৈছে জনগণৰ বাবে  কর্মসংস্থাপন সৃষ্টি কৰাচাবলৈ গলে পুঁজিবাদী নিগমসমূহেও কর্মসংস্থাপন সৃষ্টি কৰে যদিও লাভাংশ আর্জনৰ ক্ষেত্রত কোনো সমস্যা সৃষ্টি হলেই সিহঁতে চাটাই কৰা আৰম্ভ কৰে তাৰ বিপৰীতে MCCৰ অধীনৰ সমবায়সমূহে লোকচানৰ বোজা সকলোৰে মাজত সমানুপাতিকভাৱে বিতৰণ কৰি আগুৱাই যোৱাততে গুৰুত্ব দিয়ে। এখন সমবায়ত বেছি শ্রম-শক্তিৰ সৃষ্টি হলে আনখন সমবায়লৈ সেই শ্রম শক্তি স্থানান্তৰিত কৰা হয়। একেটা কথাই আন আন সম্পদসমূহৰ বিতৰণৰ ক্ষেত্রতো কব পাৰিসেয়েহে ২০০৮ৰ বিত্তীয় সংকটৰ সময়তো মন্দ্রাগন সমবায়সমূহত শ্রমিকৰ ব্যাপক চাটাই কৰা হোৱা নাছিল। সংকটৰ ফলাফল সকলোৱেই ভগাই লোৱাৰ ফলত ইউৰোপৰ আন আন অঞ্চলৰ বিপৰীতে মন্দ্রাগণৰ জনগণে যথেষ্ঠ ভাল স্থাতে থাকিবলৈ সক্ষম হৈছিল।

মন্দ্রাগণৰ সীমাদ্ধতা আৰু সম্ভানীয়তা
কর্পৰেট খণ্ডৰ পদলেহনকাৰী বুদ্ধিজীৱিহঁতে পুঁজিপতিহঁত সমাজৰ বাবে কিমান উপকাৰী – এই কথা দোহাৰিবলৈ কেতিয়াও নাপাহৰেঅথচ মন্দ্রাগনৰ উদাহৰণে আমাক স্পষ্টকৈ দর্শাইছে যে আধুনিক কর্মক্ষম অর্থনীতি এখন নির্মাণ কৰিবলৈ পুঁজিপতিৰ কোনো প্রয়োজনেই নাই। অশ্যে বিশেষজ্ঞৰ নিশ্চয়েই প্রয়োজন আছে, যিদৰে প্রয়োজন আছে গৱেষণা আৰু বিকাশৰ(R&D)কিন্তু এনে বিশেষজ্ঞসকলক শ্রমিকসকলে নিজেই নিযুক্তি দিব পাৰেতাৰ বাবে বুর্জোৱাহঁতৰ কোনো প্রয়োজন নাই।

সমূহীয়া সিদ্ধান্তঃ সমূহীয়া দায়িত্ব
শ্যে যিহেতু মন্দ্রাগন সমবায় এতিয়াও পুঁজিবাদী ব্যস্থাটোৰ মাজতেই কার্যক্ষম হৈ আছে, সেয়েহে ইয়াৰ কিছু সীমাদ্ধতাও আছে। উদাহৰণস্বৰূপে আন আন কর্পৰেটৰ সৈতে প্রতিযোগিতাত নামিবলৈ MCCৰ কোম্পানীসমূহেও মাজে সময়ে অস্থায়ী শ্রমিক প্রয়োগ কৰিব লগা হয় বা সস্তা শ্রমৰ সন্ধানত বিশ্বৰ আন আন দেশত বিনিয়োগ কৰিব লগা হয়। সেয়েহে মন্দ্রাগণ শ্রেণী-সংগ্রাম আৰু সমাজবাদৰ বিকল্প হব নোৱাৰেৰঞ্চ মন্দ্রাগন-সদৃশ মডেলসমূহ শ্রেণী-সংগ্রামৰেই অংশ বিশেষ হব লাগিব। পুঁজিপতিহঁতৰ হাতৰ পৰা ৰাজনৈতিক ক্ষমতা বলেৰে কাঢ়ি আনি শ্রমিকৰ হাতত নপৰালৈকে – অর্থাৎ ৰাজনৈতিক বিপ্ল সম্পন্ন নোহোৱালৈকে বহল হাৰত মন্দ্রাগনসদৃশ উদ্যোগো স্থাপন কৰিব পৰা নাযাব। অশ্যেই শ্রমিক আন্দোলনৰ অংশবিশেষ হিচাপেই আজিৰে পৰা – এতিয়াই এক শক্তিশালী সমবায় আন্দোলন সৃষ্টি কৰাৰো প্রয়োজনীয়তা আছে। লগতে মনত ৰখা ভাল – বজাৰ বা প্রতিযোগিতা আমাৰ শত্রু নহয় ; সমাজবাদৰ অধীনতো বজাৰ তথা প্রতিযোগিতা থাকিব – তাত মাথো শ্রমিকৰ ৰক্ত শুহি খোৱা কোনো পুঁজিপতি নাথাকিব আৰু প্রতিযোগিতা ৰাষ্ট্রই নিয়ন্ত্রণ(regulate) কৰিব।

No comments:

Post a Comment